অসম

assam

ETV Bharat / state

যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-19

এইবাৰ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত আতংক ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ শৰীৰত কভিড-১৯ চিনাক্ত ৷

covid-19 positive found in jorhat dc office
covid-19 positive found in jorhat dc office

By

Published : Jun 23, 2020, 10:29 PM IST

যোৰহাট, 23 জুন :কৰ'ণা মহামাৰীৰ আতংকত কঁপিছে ৰাজ্যবাসী ৷ ৰাজধানী মহানগৰীৰ কেইবাটাও স্থানত লক্ ডাউন ঘোষণা কৰাৰ পাচত এইবাৰ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত আতংক ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ শৰীৰত কভিড-১৯ ধৰা পৰাত স্বাভাৱিকতে কাৰ্যালয়টোৰ আন কৰ্মচাৰীৰ মাজত শংকা পৰিলক্ষিত হৈছে ৷ আক্ৰান্ত কৰ্মচাৰীজনৰ নাম জিতুমনি শৰ্মা ৷

যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-19

ইতিমধ্যে কাৰ্যালয়টোৰ তিনিটা বিভাগক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷ বিভাগ কেইটা হৈছে বাকিজাই, ভূমি সংস্থাপন আৰু এন আৰ চি বিভাগ ৷ এই বিভাগ কেইটাৰ সকলো কৰ্মচাৰীক হোম কোৱাৰেন্টাইন হোৱাৰো নিৰ্দেশ দিছে প্ৰশাসনে ৷

লগতে পঢ়ক :গুৱাহাটীৰ ১১টা ৱাৰ্ডত লক্​ ডাউন ঘোষণা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details