যোৰহাট, 26 মে’: ৰাজ্যত অপ্ৰতিৰোধ্য ৰূপত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ তাৰ মাজতে বুধবাৰে যোৰহাটৰ দগাঁও অনাথ আশ্ৰমত কেইবাটাও শিশু ক’ভিড-19 আক্ৰান্ত হৈছে ৷
উল্লেখযোগ্য যে, যোৰহাট জিলাৰ দ-গাঁও অনাথ আশ্ৰমক কণ্টেইনমেণ্ট জন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷ কিয়নো উক্ত আশ্ৰম খনত থকা ১৫ টা শিশুৰ ভিতৰত ৬ টা শিশু ক'ৰণাত আক্ৰান্ত হৈছে ৷ জানিব পৰা মতে বৰ্তমানলৈকে শিশু কেইটাৰ সৈতে দ-গাঁও অনাথ আশ্ৰমতে চাৰি গৰাকী গৃহ মাতৃও আছে ।