টীয়ক,5 আগষ্ট: যোৰহাট জিলাৰ টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বেংকটোৰ ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছে বেংকটো ৷ মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাটো ৷ বৃহৎ চহৰ বা নগৰৰ পৰা ক্ৰমান্বয়ে গাঁও এলেকা সমূহলৈকে বিয়পি পৰিছে কৰ’ণা ভাইৰাছ ৷ টীয়কত অৱস্থিত উক্ত বেংকটোৰ জৰিয়তে দৈনিক বৃহৎ সংখ্যক বিত্তীয় লেনদেন কৰে গ্ৰাহকে ৷ তেনেস্থলত বেংকটোৰ জৰিয়তে কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ তদুপৰি একেটা এলেকাতে থকা ই-কৰ্ণাৰটো বেংক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াই সমস্যাৰ সন্মুখীন হৈছে প্ৰতিগৰাকী গ্ৰাহক ৷
টীয়কত বেংক কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছ - কৰ’ণা ভাইৰাছ
টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বেংকটোৰ ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছে বেংকটো ৷ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব বেংকটো ৷
![টীয়কত বেংক কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছ Covid 19 on worker of SBI Teok jorhat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8299044-thumbnail-3x2-a.jpg)
অনিৰ্দিষ্টকাললৈ বন্ধ বেংক