যোৰহাট, 2 জুন:শেহতীয়াকৈ চৰ্চা হৈ থকা এটা খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই ৷ চিকিৎসা মহাবিদ্যালয়খনৰ শল্য চিকিৎসা বিভাগৰ পাঠ্যক্ৰম বন্ধ হ’ব বুলি প্ৰচাৰ চলাইছিল এক অজ্ঞাত চক্ৰই ৷ তাৰ পাচতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই বিষয়টোক লৈ ৷ কিন্তু শুকুৰবাৰে এয়া ভুৱা প্ৰচাৰ বুলি দাবী কৰিছে JMCH ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই (Department of Surgery at Jorhat Medical College) ৷
তেওঁ কয় যে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ দলে চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাটো সঁচা ৷ সেই সময়ত দলটোৱে শল্য চিকিৎসাৰ বাবে থাকিব লগীয়া উন্নত যন্ত্ৰ-পাতি তথা আচবাব দেখা পোৱা নাছিল বিভাগটোত ৷ যাৰ বাবে অতিশীঘ্ৰে বিভাগটোত উন্নত প্ৰযুক্তি কৌশল স্থাপনৰ বাবে নিৰ্দেশ দিয়ে ৰাষ্ট্ৰীয় চিকিৎসালয় আয়োগৰ পৰিদৰ্শনকাৰী দলটোৱে (Courses in department of Surgery at JMCH) ৷
ইতিমধ্যে এই সম্পৰ্কে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিছে বুলি ডাঃ বৰুৱাই উল্লেখ কৰে । শীঘ্ৰে এইসমূহ উন্নত যন্ত্ৰ-পাতি শল্য চিকিৎসা বিভাগত অন্তৰ্ভুক্ত হ'ব বুলি JMCH ৰ অধীক্ষ ডাঃ পূৰ্ণিমা বৰুৱাই মত প্ৰকাশ কৰে আৰু এনে ধৰণৰ ভুৱা প্ৰচাৰে পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থী আৰু অভিভাৱক সকলক মনোকষ্ট দিয়ে বুলি মন্তব্য কৰে (JMCH surgery department news)।