যোৰহাট, 8 জুন: মৰিয়নিস্থিত হোলোঙপাৰাৰ গিবন অভয়াৰণ্যত (Hoollongapar Gibbon Sanctuary) গছপুলি ৰোপনৰ নামত চলিছে ব্যাপক লুণ্ঠন ৷ বন বিভাগৰ ছত্ৰছায়াতেইঅভয়াৰণ্যখনত গছপুলি ৰোপনৰ নামত লুণ্ঠনৰ পোহাৰ মেলিছে এটা NGO য়ে ৷
উল্লেখ্য যে গিবন অভয়াৰণ্যত প্ৰায় 9 লাখ 60 হাজাৰ গছপুলি ৰোপনৰ এক বৃহৎ আঁচনি লোৱা হৈছিল ৷ এই আঁচনিৰ ঠিকা লাভ কৰিছিল জি.বি.টি ( G.B.T) আচাম গ্ৰামীণ ট্ৰাষ্ট নামৰ এটা NGOয়ে ৷ কিন্তু গছপুলি ৰোপনৰ নামত প্ৰকৃততে চলিত ভেঁকোভাওনা (Tree plantation at Gibbon Sanctuary) ৷
কাৰণ ৰোপনৰ বাবে অনা 30 সহস্ৰাধিক গছপুলি এতিয়া প্ৰখৰ ৰ’দত শুকাই নষ্ট হৈ পৰিছে ৷ প্ৰকৃতি সেউজকৰণৰ নামত এনে কাণ্ডজ্ঞানহীন আৰু দুখ লগা দৃশ্য আন একোৱেই হ’ব নোৱাৰে ৷ গছপুলিসমূহ ৰোপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেৱল লুণ্ঠনতহে নামিল NGOটো ৷ অৰ্থাৎ গছপুলি ৰোপনৰ নামত ব্যাপক অনিয়ম আৰু স্বজন তোষণ ৷