টীয়ক, 12 নৱেম্বৰ :লোক নিৰ্মাণ বিভাগৰ অধীনত টীয়ক চিকিৎসালয়লৈ যোৱা এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ যোৰহাটৰ কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে আঁচনি ৰূপায়নৰ নামত চৰকাৰী ধন আত্মসাতৰ অভিযোগ ৷
লোক নিৰ্মাণ বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনস্থ টীয়ক নগৰৰ মাজমজিয়াৰ গুৰুত্বপূৰ্ণ চিকিৎসালয় পথটোৰ সম্প্ৰসাৰণৰ বাবে আজিৰ পৰা ছয়মাহ পূৰ্বে আঁচনি গ্ৰহণ কৰা হৈছিল ৷ সেই আঁচনিৰ নামত আৱন্টন কৰা হৈছিল প্ৰায় 28 লাখ টকা ৷ সেই মতে পথ নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা ঠিকাদাৰেও সেই আঁচনিৰ ধন সম্পূৰ্ণৰূপে মোকলাই নিয়ে ৷
কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এই যে, পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ ছয় মাহ নৌহওঁতেই পথটো পুনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে নতুন আঁচনি ৷ ইতিমধ্যে, পথটোৰ ফেবাৰ ব্লক সমূহ উঠাই পথৰ দাঁতিত নলা নিৰ্মাণৰ লগতে পথটো মেৰামতিৰ কাম আৰম্ভ কৰিছে লোক নিৰ্মাণ বিভাগে ৷ এই কামৰ বাবে লোক নিৰ্মাণ বিভাগে আৱন্টন কৰিছে প্ৰায় 3 কোটি টকা ৷
লগতে পঢ়ক:Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক