অসম

assam

ETV Bharat / state

Axis Bank Microfinance : ঋণ দিয়াৰ নামত বৃহৎ জালিয়াতি এক্সিছ বেংক কৰ্মচাৰীৰ - Microfinance loan

এক্সিছ বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে সহজ-সৰল গাঁৱৰ লোকক বিভিন্ন প্ৰকাৰে প্ৰলোভিত কৰি ঋণ দিয়া নামত সংঘটিত কৰি আহিছে বৃহৎ জালিয়াতি । আনকি ভুৱা একাউণ্ট খোলাৰো অভিযোগ উত্থাপিত হৈছে বেংকটোৰ বিষয়া-কৰ্মচাৰী বিৰুদ্ধে ৷

Corruption in bank lending
ঋণ দিয়াৰ নামত বৃহৎ জালিয়াতি এক্সিছ বেংক কৰ্মচাৰীৰ

By

Published : Nov 15, 2021, 10:44 PM IST

যোৰহাট, 15 নৱেম্বৰ : ৰাজ্য চৰকাৰে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে । আনকি মাইক্ৰ’ফাইনেঞ্চৰ ধাৰো মাৰিবলৈ ৰাজ্য চৰকাৰ সাজু । কিন্তু তেনেসময়ত পোহৰলৈ আহিছে ৰাজ্যৰ দৰিদ্ৰ লোকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি নাম জালিয়াতিৰে ঋণৰ ধন আত্মসাৎ কৰা ঘটনা ৷

গোলাঘাট জিলাৰ কাজিৰঙাৰ ২ নং বহিখোৱা গাঁৱৰ বহু মহিলা আহি উপস্থিত হয় যোৰহাটস্থিত এক্সিছ বেংকৰ কাৰ্যালয়ত । উল্লেখ্য যে, এক্সিছ বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে সহজ-সৰল গাঁৱৰ লোকক বিভিন্ন প্ৰকাৰে প্ৰলোভিত কৰি ঋণ দিয়া নামত সংঘটিত কৰি আহিছে বৃহৎ জালিয়াতি । আনকি ভুৱা একাউণ্ট খোলাৰো অভিযোগ উত্থাপিত হৈছে এক্সিছ বেংকটোৰ বিষয়া-কৰ্মচাৰী বিৰুদ্ধে ৷

ঋণ দিয়াৰ নামত বৃহৎ জালিয়াতি এক্সিছ বেংক কৰ্মচাৰীৰ

লগতে পঢ়ক:পুনৰ বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

এনে পৰিপেক্ষিতত সোমবাৰে যোৰহাটস্থিত এক্সিছ বেংকৰ সন্মুখত ভুক্তভোগী ৰাইজে এনে জালিয়াতি বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিষয়টোৰ সন্দৰ্ভত এক্সিছ বেংকৰ মাইক্ৰ’ফাইনেঞ্চ বিভাগৰ বিষয়াৰ লগত ভুক্তভোগী মহিলা সকলে আলোচনা কৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভুক্তভোগী ৰাইজে ৷ ইফালে, ভুক্তভোগী ৰাইজে যোৰহাটৰ সদৰ থানাত এক্সিছ বেংকৰ এই জালিয়াতি সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ৷

লগতে পঢ়ক:কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

ABOUT THE AUTHOR

...view details