অসম

assam

ETV Bharat / state

ৰাইজৰ ধন খাই ফাণ্ডত পৰিল সম্পাদক মহোদয়

ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে যোৰহাটৰ এখন গাঁওপঞ্চায়তত ৷ ৰাজ্য চৰকাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়তসমূহলৈ আৱন্টন দিয়া পুঁজিৰ সঠিক ৰূপায়নত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী ৷

By

Published : Jul 9, 2021, 8:53 AM IST

corruption-case-registered-against-panachayat-secretary
ৰাইজৰ ধন খাই ফাণ্ডত পৰিল সম্পাদক মহোদয়

যোৰহাট, 9 জুলাই :যোৰহাটৰ এখন পঞ্চায়তত(GP) বিশেষ কৌশলেৰে সংঘটিত এক দূৰ্নীতিৰ ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত । 53 নং গড়মূৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এই চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা । ৰাজ্য চৰকাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়তসমূহলৈ বৃহৎ পৰিমাণৰ পুঁজিৰ আৱন্টন দি আহিছে । কিন্তু এচাম অসৎ বিষয়া, কৰ্মচাৰীৰ বাবে এই পঞ্চায়তসমূহ যেন হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ।

পঞ্চায়তখনৰ সম্পাদক তৰুণ দত্তই চৰকাৰে পঞ্চায়তখনত মুকলি কৰি দিয়া চতুৰ্দশ বিত্তীয় আয়োগকে ধৰি একাধিক শিতানত মুকলি কৰি দিয়া ধন ভুৱা বিল আৰু ভাউচাৰেৰে ব্যাপক হাৰত লুন্ঠন কৰাৰ তথ্য পোহৰলৈ আহিছে বিভাগীয় তদন্তত । আনকি অৱসৰ গ্ৰহণ কৰাৰ পিছতো পঞ্চায়তখনৰ বেংক একাউন্টৰ পৰা ধন উলিয়াই নিছিল এইগৰাকী বিতৰ্কিত পঞ্চায়তৰ সম্পাদকে ।

ৰাইজৰ ধন খাই ফাণ্ডত পৰিল সম্পাদক মহোদয়

এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO Jorhat district association) প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত হোৱা এক তদন্তত ৷ এই তদন্তৰ প্ৰতিবেদনৰ পিছত ইতিমধ্যে পঞ্চায়ত সম্পাদকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে ।

জানিব পৰা মতে, ধন আত্মসাৎ কৰাৰ কৌশল হিচাবে যোৰহাটৰ এই পঞ্চায়তখনত আচনিৰ বাবে অহা ধনখিনি নিৰ্দিষ্ট চৰকাৰী একাউন্টৰ পৰা পঞ্চায়তখনৰ নিজস্ব পুঁজিৰ একাউন্টলৈ ট্ৰেন্সফাৰ কৰি লয় সম্পাদক জনে ।পৰৱৰ্তী সময়ত, কিছুমান ভুৱা ভাউচাৰ আৰু বিল বনাই এই একাউন্টৰ পৰা টকাখিনি উলিয়াই আত্মসাৎ কৰাৰ তথ্য তদন্তত পোহৰলৈ আহিছে ।

ইফালে, এই একেই কৌশল ব্যৱহাৰ কৰি এতিয়া অন্যান্য পঞ্চায়তসমূহতো অনুৰূপ দুৰ্নীতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে পোনপটীয়াকৈ পঞ্চায়তসমূহলৈ অহা ধনৰাশিৰ ওপৰত এইদৰেই এতিয়া এচামৰ লোলুপ দৃষ্টি পৰিছে । সেয়েহে এতিয়া, পঞ্চায়ত সমূহত ব্যয় কৰা পুঁজিৰ ওপৰত সঠিক পৰীক্ষা হোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বুলি মত পোষণ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

ABOUT THE AUTHOR

...view details