অসম

assam

ETV Bharat / state

কৰ'ণাৰ আতংকত হ্ৰাস পাইছে বাতৰি কাকতৰ গ্ৰাহকঃ সংকটত হকাৰ

ছপা সংবাদ মাধ্যমৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে, কৰ'ণা ভইৰাছ সংক্ৰমণৰ বিষয়ে চলা অপপ্ৰচাৰে । যাৰ বাবে গ্ৰাহকে বাতৰি কাকত ক্ৰয় কৰাটো প্ৰায় বন্ধ কৰিছে ।

By

Published : Apr 10, 2020, 10:34 AM IST

Updated : Apr 10, 2020, 11:27 AM IST

corona virus effected print media
corona virus effected print media

টীয়ক, 10 এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ ত্ৰাসে ভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে বিৰূপ প্ৰভাৱ পেলাইছে, ছপা সংবাদ মাধ্যমতো । বৃহত্তৰ টীয়কত এতিয়া প্ৰায় 500ৰো অধিক নিয়মীয়া গ্ৰাহকে বন্ধ কৰিছে বাতৰি কাকত । কাৰণ মাথো এটাই ! কৰ'ণা ভইৰাছৰ সংক্ৰমণৰ পৰা নিজকে দূৰ কৰি ৰখা । যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে বাতৰি কাকত বিলোৱা হকাৰ সকলে । ছ'চিয়েল মিডিয়া তথা বিভিন্ন মাধ্যমত বাতৰি কাকতৰ পৰা এই ভাইৰাছ বিয়পিব পাৰে বুলি যি অপপ্ৰচাৰ চলিছিল, তাৰেই প্ৰভাৱত বিস্তৰ ক্ষতি সাধন হৈছে ছপা মাধ্যমৰ ।

অপপ্ৰচাৰৰ বিৰূপ প্ৰভাৱ ছপা সংবাদ মাধ্যমত
Last Updated : Apr 10, 2020, 11:27 AM IST

ABOUT THE AUTHOR

...view details