যোৰহাট, 24 জুন :যোৰহাটৰ এখন বিবাহে ৰাইজৰ মাজত কৰ'ণা ভাইৰাছ আতংকৰ সৃষ্টি কৰিছে ৷ বিগত 16 জুনত জিলা প্ৰশাসনৰ সকলো নীতি-নিয়ম উলংঘা কৰি আয়োজন কৰা হৈছিল এখন বিয়া ৷ যোৰহাটৰ এই বিয়াখনত সমবেত হৈছিল প্ৰায় পাঁচ শতাধিক লোক । যোৰহাটৰ 1 নং সোনাৰী গাঁৱৰ এই বিয়াতে উপস্থিত আছিল কৰ'ণাত আক্ৰান্ত লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন । তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলতে ।
যোৰহাট জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ৰূপে ঘোষণা কৰিছিল 1 নং সোনাৰী গাঁৱৰ 1 নং উপপথ । এই বিবাহত উপস্থিত থকাৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও নিজকে হোম কোৱাৰেন্টাইন কৰিবলৈ বাধ্য হৈছিল ।
ইয়াৰ পাচতে Epidemic Diseases Act 1897, 51(b) of Disaster Management Act 2005 and 188 IPC ৰ অধীনত দৰা মানস দত্ত আৰু কইনা লীমাশ্ৰী বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে যোৰহাট জিলা প্ৰশাসনে ।