অসম

assam

By

Published : Oct 12, 2020, 7:08 AM IST

ETV Bharat / state

বিজেপিক প্ৰতিহত কৰিবলৈ মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভাৰ আয়োজন

মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভা অনুষ্ঠিত ৷ 2021ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ এই সভাৰ আয়োজন ৷ লগতে, শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ ৷

Congress Workshop Meeting Orgainsed At Majuli
বিজেপিক প্ৰতিহত কৰিবলৈ মাজুলিত কংগ্ৰেছৰ কৰ্মশালা সভাৰ আয়োজন

মাজুলী, 12 অক্টোবৰ :মাজুলীত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভোট ব্যৱস্থাপনাৰ ওপৰত বুথ পৰ্যায়ৰ অভিকৰ্ত্তা আৰু বুথ কমিটীৰ সভাপতি সকলৰ এখন কৰ্মশালাঅনুষ্ঠিত হয় ৷ ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৰ্মশালা সভাখনি ৷

2021 চনত কেনেকৈ কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰি তাৰ ওপৰত কৰ্মশালখনত আলোচনা কৰা হয় ৷ লগতে, বিজেপি চৰকাৰে মাজুলীত কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই বুলি সভাখনত চৰকাৰক সমালোচনা কৰে ৷ মাজুলীত গৰাখহনীয়া সমস্যাই মাজুলীখন কম দিনৰ ভিতৰতে নিঃশেষ কৰিব কিন্তু বিজেপি চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে ৷ মাজুলীৰ চিকিৎসা বিভাগটো অতি শোচনীয় বুলি কোৱাৰ লগতে প্ৰায়সমূহ মেডিকেলত চিকিৎসক নথকাৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা বুলি উল্লেখ কৰে ৷ লগতে, SI পৰীক্ষাত হোৱা কেলেংকাৰীক লৈ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে বিজেপি চৰকাৰৰ লগতে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

বিজেপিক প্ৰতিহত কৰিবলৈ মাজুলিত কংগ্ৰেছৰ কৰ্মশালা সভাৰ আয়োজন

লগতে পঢ়ক :ৰাজ্যৰ দীৰ্ঘতম মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details