যোৰহাট, 20 মে‘ : যোৰহাট পৌৰসভাৰ কাৰ্যকাল যোৱা ৩১ মাৰ্চত উকলি যোৱাৰ পাছত নিয়োগ কৰা এজন কাৰ্যবাহী বিষয়াই দায়িত্ব পালন কৰি আহিছিল । কাৰ্যবাহী বিষয়া গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰি নতুন নতুন আৰ্দেশ জাৰি কৰাৰ ফলত এতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে একাংশ ব্যৱসায়ীয়ে ।
যিহেতু যোৰহাট পৌৰসভাৰ ভৱনত থকা উন্নয়ন চুপাৰ মাৰ্কেট খনত থকা বহু ব্যৱসায়িক প্ৰতিষ্ঠানে বিগত ৮ বছৰে চুক্তি স্বাক্ষৰ কৰা নাছিল । যাৰফলত বিষয়া গৰাকীয়ে তিনিদিনৰ সময় দি দোকান সমুহ এৰিবলৈ নিৰ্দেশ জাৰি কৰে । কিন্তু বৰ্তমান সময়ত কভিড-19 ৰ ভয়াবহতাৰ বাবে দিয়া লক ডাউনৰ ফলত দোকান সমুহ বন্ধ আছিল ৷ যাৰফলত দোকান সমুহৰ গৰাকী সকলে নতুন বিষয়াই জাৰি কৰা নতুন নিৰ্দেশনা উঠাই লবলৈ অনুৰোধ কৰাৰ লগতে যোৱা ১৮ মে‘ তাৰিখে প্ৰতিবাদো সাব্যস্ত কৰিছিল । এই নিৰ্দেশনা জাৰি হোৱাৰ পাছত সমগ্র যোৰহাট চহৰতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।