যোৰহাট, ২৮ ছেপ্টেম্বৰ :বুধবাৰে যোৰহাটত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Congress protest in Jorhat against price hike) । যোৰহাটৰ বিজুলী ভৱনৰ সন্মুখত কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰাজ্যত অভাৱনীয় হাৰত বিভিন্ন সামগ্ৰীত জিএছটি বৃদ্ধি, বিদ্যুতৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকলৈ অত্যধিক হাৰত বৰ্ধিত মাচুল প্ৰদান কৰা আদি বিষয়ক লৈ জিলা কংগ্ৰেছ, এন এছ ইউ আই,মহিলা কংগ্ৰেছ, সেৱা দল আৰু যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে (Jorhat Dist congress protest against price hike) ।
প্ৰতিবাদকাৰীসকলে যোৰহাট চহৰৰ ৰাজপথৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই বিজুলী ভৱনৰ সন্মুখত উপস্থিত হয় । লগতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে (protest against price hike) । উল্লেখ্য, প্ৰতিবাদী কংগ্ৰেছকৰ্মীসকলৰ অভিযোগ, বিজেপি চৰকাৰ শাসনলৈ আহিলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি (essential commodities price hike) হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
কিন্তু বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ হিতৰ বিপৰীতে গৈ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে । বৰ্তমান চৰকাৰখনে বিভিন্ন সামগ্ৰীত কৰ আৰোপ কৰাৰ ফলত বিভিন্ন সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে । সেয়াই 'অচ্ছে দিন' নেকি বুলি চৰকাৰখনক সমালোচনা কৰে কংগ্ৰেছে (APCC protest against price hike) ।