অসম

assam

ETV Bharat / state

যোৰহাটত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ - নিয়োগ বিনিময় কেন্দ্ৰ

বিভিন্ন প্ৰতিশ্ৰুতিৰে শাসনত বহা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

যোৰহাটত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
যোৰহাটত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

By

Published : Mar 1, 2021, 7:14 PM IST

যোৰহাট,1 মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে সকলোৱে গ্ৰহণ কৰিছে বিভিন্ন কৌশল ৷ গাদী দখলৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে বোকা চটিওৱাৰ ৰাজনীতি ৷ সোমবাৰে যোৰহাটত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ কৰ্মীসকলে ৷

বিভিন্ন প্ৰতিশ্ৰুতিৰে শাসনত বহা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখত বিজেপি চৰকাৰে ২৫ লাখ চাকৰি দিম বুলি নিৱনুৱাক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:নলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

ABOUT THE AUTHOR

...view details