যোৰহাট, ৯ নৱেম্বৰ : সদৃঢ় আন্তঃগাঁথনি আৰু স্বকীয় পৰিচয় থকা যোৰহাট জে কে শইকীয়া হোমিঅ'পেথিক কলেজ (Jorhat Homeopathic College) আৰু নগাঁৱৰ হোমিঅ'পেথিক কলেজ (Nagaon Homeopathic College) বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তই স্তম্ভিত কৰি তুলিছ সকলোকে । যোৰহাট আৰু নগাঁৱৰ দুয়োখন হোমিঅ'পেথিক কলেজ বন্ধ কৰি ৰাজ্য চৰকাৰে গুৱাহাটীৰ হোমিঅ'পেথিক কলেজৰ (Guwahati Homeopathic College) লগত একত্ৰিকৰণ কৰাৰ যো-জা চলাইছে ।
আনহাতে, যোৰহাটৰ লগতে নগাঁৱৰ হোমিঅ'পেথিক কলেজ দুখন বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দল-সংগঠন । যোৰহাট আৰু নগাঁৱৰ হোমিঅ'পেথিক কলেজ বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ দাবীত আজি যোৰহাটস্থিত হোমিঅ'পেথিক কলেজৰ সন্মুখত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Congress protest at Jorhat Homeopathic College) ।
উক্ত কাৰ্যসূচীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হোমিঅ'পেথিক কলেজ বন্ধৰ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় কংগ্ৰেছে । আনহাতে, চৰকাৰে উক্ত শিক্ষানুষ্ঠানবোৰ বন্ধ কৰাৰ পৰিৱৰ্তে নতুনকৈ জন্ম দিব লাগে আৰু ১৯৭৫ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰাৰ যোৰহাটস্থিত হোমিঅ'পেথিক কলেজৰ আন্তঃগাঁথনি আজিৰ তাৰিখত উন্নত বুলিও উল্লেখ কৰে ।
১০ বিঘাত ঔষধি উদ্যান, ৮ বিঘাত হোষ্টেল আৰু ৬ বিঘাৰ ভূমিত মহাবিদ্যালয় চৌহদ থকা যোৰহাট হোমিঅ'পেথিক কলেজ বন্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্ত এক জাতিদ্ৰোহী পদক্ষেপ বুলি মন্তব্য আজি প্ৰতিবাদস্থলীত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ । চৰকাৰৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ সহস্ৰাধিক নেতা-কৰ্মীৰ প্ৰতিবাদত কঁপি উঠে যোৰহাটস্থিত হোমিঅ'পেথিক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ।