যোৰহাট, ১১ জুন : শুকুৰবাৰে কংগ্ৰেছৰ প্ৰতিবাদত তোলপাৰ হ'ল সমগ্ৰ দেশ । পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্য(PETROL-DIESEL PRICE HIKE) ৰোধৰ দাবীত প্ৰতিবাদ(PROTEST) সাব্যস্ত কৰে দলীয় কৰ্মীসকলে । অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে অসমতো কংগ্ৰেছৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে । শুকুৰবাৰে যোৰহাটৰ NRL পেট্ৰ'ল পাম্পৰ সন্মুখত জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
ইন্ধনৰ মূল্যবৃদ্ধি(FUEL PRICE HIKE) নিয়ন্ত্ৰণৰ দাবীত যোৰহাটত জিলা কংগ্ৰেছ(Congress)ৰ প্ৰতিবাদ । মহামাৰীৰ সংকটৰ মাজতে পেট্ৰ'ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি হোৱাক লৈ ক্ষোভিত হৈ পৰিছে বিৰোধী দলটো । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ কৰ্মীসকলে ।
যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
উল্লেখ্য যে, কৰ'ণা(Corona) মহামাৰীৰ সংক্ৰমণৰ ৰোধৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ বাবে কৃত্ৰিমভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । এনে সংকটৰ সময়তে এতিয়া ইন্ধনৰ মূল্যবৃদ্ধি(PRICE HIKE) হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজে ।