যোৰহাট, 12 এপ্ৰিল : ক’ৰণা খেদিবৰ বাবে বিজেপি চৰকাৰে যিদৰে কাঁহী, বাটি, ঘণ্টা বজাইছিল প্ৰদেশ কংগ্ৰেছেও কাঁহী-বাটি, ঘণ্টা বজাই এ পি ডি চি এলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ বুধবাৰে এই মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ এইবাৰ প্ৰদেশ কংগ্ৰেছে কাঁহী-বাতি, ঘণ্টা বজাই এ পি ডি চি এলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এ পি ডি চি এলে স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ব্যৱস্থা বাতিল নকৰালৈকে এইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ চলাই যাব বুলি সংবাদ মেলখনত উল্লেখ কৰে (Congress slams BJP)।
ৰাইজৰ প্ৰতিবাদত এ পি ডি চি এল স্মাৰ্ট মিটাৰ ব্যৱস্থা বাতিল কৰিবৰ বাবে বাধ্য হ’ব বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । যোৰহাটৰ কংগ্ৰেছ ভৱনত আয়োজন কৰা সংবাদমেলখনত ৰাণা গোস্বামীয়ে বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে বুলি বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । সৰ্বসাধাৰণক এই চৰকাৰে কুঁহিয়াৰ চেপা দি চেপি জীৱন দুৰ্বিসহ কৰি তুলিছে বুলিও কয় ৰাণা গোস্বামীয়ে (APDCL hikes power tariff) ।
এইখন চৰকাৰৰ দিনত ধনী অধিক ধনী হোৱাৰ পৰিৱৰ্তে দুখীয়া অধিক দুখীয়া হৈ গৈ আছে বুলি কয় । তদুপৰি, এইখন চৰকাৰৰ বাবে 1 এপ্ৰিলৰ দিনটোত অসমৰ ৰাইজৰ বাবে সৰিয়হৰ ফুল দেখিলে বুলিও কয় ৰাণা গোস্বামীয়ে । এক এপ্ৰিলৰ দিনাই জীৱনদায়িনী ঔষধৰ মূল্য ১২ শতাংশকৈ বৃদ্ধি কৰি ৰাইজক টেঁটু চেপা দিয়াৰ লগতে 1 এপ্ৰিলৰ দিনাই টোল টেক্স বৃদ্ধি কৰিলে । যিখন চৰকাৰে ৩০ ইউনিট কৈ বিদ্যুৎ বিনামূলীয়া কৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেইখন চৰকাৰে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰাম টাঙোন শোধোৱা বুলি কয় কংগ্ৰেছ নেতাজনে (Rana Goswami criticizes Assam govt) ।