যোৰহাট,৩ জুন:আগন্তুক লোকসভা নিৰ্বাতনৰ বাবে প্ৰস্তুতি চলাইছে । ইয়াৰ মাজতেইযোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এসময়ৰ ঘনিষ্ঠ পুৰণি কংগ্ৰেছ নেতাসহ ডেৰ শতাধিকৰ বিজেপিত যোগদান । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে । সোমবাৰে যোৰহাটত ভাৰতীয় জনতা পাৰ্টীৰ এক যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে তিনি গগৈক কটাক্ষ কৰি মন্তব্য় কৰে ।
বিধায়ক ৰূপজ্যোতি কুর্মীয়ে গৌৰৱ গগৈ,অখিল গগৈ ,লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়," তিনি গগৈৰ কাম নাই, শ শ গগৈয়ে বি জে পিলৈ আহিছে ।" শ শ গগৈয়ে বি জে পি ত যোগদান কৰিছে আৰু কৰিয়েই থাকিব বুলি মন্তব্য় কৰি তেওঁ কয়," অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ কোনজনে আহোম জনগোষ্ঠীৰৰ কথা চিন্তা কৰিলে। অখিল গগৈয়ে কাজিৰঙাত অৰ্কিড পাৰ্কৰ বাবে মাটি ল'লে । গৌৰৱ গগৈয়ে টিকেট লৈ সাংসদ হ'ল আৰু লুৰিণজ্যোতি গগৈ বোলাজন আকৌ এটা সৰু লৰা তৰংগ গগৈৰ লগত নিৰ্বাচনত হাৰিল । কি কাম আছে । লাচিত বৰফুকনৰ কাৰণে, আহোমৰ কাৰণে কি চিন্তা কৰিলে? তেওঁলোকৰ হাত আৰু কেতিয়ায় দাং নাখায় । "