যোৰহাট, 7 এপ্ৰিল : যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিচা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰিছিল বুলি মন্তব্য গগৈৰ ৷ আনহাতে সমগ্ৰ বিশ্বতেই বিৰল মিছলীয়া হিমন্ত বিশ্ব শৰ্মা । হিমন্ত বিশ্ব এজন নকলি বামুণ বুলিও কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ।
নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে ক্ৰমান্বয়ে ব্যস্ততা বাহিছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটত দুখনকৈ নিৰ্বাচনী সভাত কংগ্ৰেছৰ বিৰুদ্ধে কৰা মন্তব্যৰ সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰশ্ন ৷ সৰ্বানন্দ সোণোৱাল যদি সাহস আছে দেখুৱাই দিয়ক বিজেপিয়ে কি কি উন্নয়ন মূলক কাম কৰিলে? সকলো বোৰ কংগ্ৰেছে কৰা মাথো বা: বা: লৈছে বিজেপিয়ে ।