অসম

assam

ETV Bharat / state

Bharat Jodo Yatra : যোৰহাটত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা - Bharat Jodo Yatra in Upper Assam

যোৰহাটত কংগ্ৰেছৰ ভাৰত জোড়া যাত্ৰা (Congress Bharat Jodo Yatra in Jorhat) । যাত্ৰাত অংশগ্ৰহণ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ, ৰকিবুল হুছেইন ,বিৰোধী দলপতি দেবব্ৰত শইকীয়া আদি কংগ্ৰেছৰ নেতাসকলৰ ।

Jorhat
Jorhat

By

Published : Dec 3, 2022, 6:07 PM IST

যোৰহাট, ৩ ডিচেম্বৰ :ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ভাৰত জোড়ো যাত্ৰাই (Rahul Gandhi Bharat Jodo Yatra) অসমক সামৰি লোৱা নাই যদিও অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত অসমতো চলি আছে এই যাত্ৰা (Assam Congress Bharat Jodo Yatra) । ইতিমধ্যে নামনি অসমত আৰম্ভ হোৱা এই যাত্ৰাই মধ্য অসমৰ পৰা গৈ উজনি অসমত প্ৰৱেশ কৰিছে (Bharat Jodo Yatra in Upper Assam) ।

শনিবাৰে শ্বহীদৰ সমাধি ক্ষেত্ৰত সেৱা জনাই যোৰহাট ৰজাবাৰীৰ আই টি আই ফিল্ডৰ পৰা কংগ্ৰেছে উলিয়ায় ভাৰত জোড়ো অসম যাত্ৰা (Congress Bharat Jodo Yatra in Jorhat) । যাত্ৰাৰ পূৰ্বে যোৰহাটৰ আই টি আই খেলপথাৰত অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছৰ মুখপ্ৰাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন আদি নেতা তথা কংগ্ৰেছকৰ্মীসকল উপস্থিত থাকে ।

যোৰহাটত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

আই টি আই খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি নগৰৰ পূব প্ৰান্তত অৱস্থিত বৰিগাঁৱত সামৰণি পৰে । যোৰহাটৰ বিভিন্ন স্থানৰ পৰা অহা কংগ্ৰেছকৰ্মীসকলে আজিৰ এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্য, কংগ্ৰেছৰ সভাপতিকে আদি কৰি কংগ্ৰেছ নেতা-কৰ্মীসকলে এই যাত্ৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক মুখ্যত আক্ৰমণৰ লক্ষ্য কৰি লয় ।

ইফালে অসমৰ শোচনীয় অৰ্থনৈতিক অৱস্থা আৰু বিভিন্ন সমস্যাৰে ৰাজ্যখন ভাৰাক্ৰান্ত হৈ থকাৰ সময়ত ৰাইজৰ দৃষ্টি এই সমস্যাবোৰৰ পৰা আঁতৰাই ৰাখিবলৈকে আজমলৰ মুখেৰে সাম্প্ৰদায়িক মন্তব্য কৰাবলৈ বিজেপিয়ে হেঁচা প্ৰয়োগ কৰা বুলি কংগ্ৰেছৰ নেতাসকলে মন্তব্য কৰে । উল্লেখ্য, দেওবাৰে অসম কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা গৈ টীয়ক সমষ্টিত উপস্থিত হ'ব । উল্লেখযোগ্য যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত আজমলে শুকুৰবাৰে আগবঢ়োৱা তীব্ৰ সাম্প্ৰদায়িক মন্তব্যই বিশেষ স্থান লাভ কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal Comments : আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details