মাজুলী,২১ ফেব্ৰুৱাৰীঃসমাগত 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে যিমানেই তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল তথা নেতাসমূহৰ মাজত ৷ শনিবাৰে মাজুলীৰ অফলামুখ তথা দক্ষিণপাট অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে জেংৰাইমুখ আৰু মাজৰদেউৰীতো অনুষ্ঠিত কৰা হৈছে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাসহ কংগ্ৰেছৰ বহু সদস্য ৷
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ৰাজ্যত ঢৌ উঠিছে আধাৰশিলা স্থাপন আৰু ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যা ৷ এই কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অংশ লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সাহিত্যৰাজি, সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে মাজুলীবাসীক দিয়ে প্ৰতিশ্ৰুতি ৷ প্ৰয়াত সত্ৰাধিকাৰ গোস্বামীৰ প্ৰতিচ্ছবিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ৷