টীয়ক, 11 জুলাইঃবিগত 27 জুনত গুৱাহাটীৰ পৰা যোৰহাট জিলাৰ কাকজানৰ অন্তৰ্গত কুকুৰাচোৱাৰ এগৰাকী যুৱতী নিজ ঘৰলৈ আহে ৷ তাৰ পিচতেই যুৱতী গৰাকী থাকিবলৈ লয় হোম কোৱাৰেণ্টাইনত ৷ শুকুৰবাৰে কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী আশা কৰ্মীয়ে গৈ যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত যুৱতী গৰাকীৰ ফলাফল কোভিড নিগেটিভ আহে ৷ ইয়াৰ পূৰ্বে ঘৰলৈ আহোতে যুৱতীগৰাকীয়ে কাজিৰঙা বিশ্ববিদ্যালয়ত স্বাৱ পৰীক্ষা কৰে আৰু পুনৰ 6 জুলাইতো স্বাৱ পৰীক্ষা কৰে ৷ যুৱতীগৰাকীৰ সেই পৰীক্ষাৰ ফলাফলো আহিছিল নিগেটিভ ৷ যাৰ বাবে যুৱতী গৰাকীয়ে নিশ্চিন্ত মনে ওলাই গৈ লাহদৈগড় চাৰিআলিৰ কেইবাখনো প্ৰতিষ্ঠানত বজাৰ কৰে ৷
এগৰাকী যুৱতীৰ কৰ'ণাৰ ফলাফলক লৈ বিভ্ৰান্ত পৰিয়ালৰ লোক - স্বাৱ পৰীক্ষা
যোৰহাট জিলাৰ কাকজানৰ অন্তৰ্গত কুকুৰাচোৱাৰ এগৰাকী যুৱতীৰ কৰ'ণাৰ ফলাফলক লৈ বিভ্ৰান্ত হৈছে পৰিয়ালৰ লোক ৷ দুবৰাকৈ কৰ'ণা নিগেটিভ অহাৰ পিচত, বজাৰ সমাৰ কৰি ঘূৰি ফুৰা যুৱতী গৰাকীৰ হঠাতে কৰ'ণা পজিটিভ অহাত আতংকিত হৈ পৰিছে পৰিয়ালৰ লোক ৷
কিন্তু বজাৰ কৰি ঘৰলৈ উভতাৰ পথতে যুৱতীগৰাকী কৰ'ণা পজিটিভ বুলি জনায় স্বাস্থ্য বিভাগৰ লোকে আহি ৷ যাৰ লৈ সম্প্ৰতি বিভ্ৰান্তিত আছে যুৱতী গৰাকীৰ পৰিয়ালৰ লোক ৷ এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ লোক সতৰ্ক হোৱা উচিত বুলি উল্লেখ কৰে যুৱতী গৰাকীৰ আত্মীয়ই ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ গাফিলতিৰ বাবেই আজি আন ৰাইজলৈয়ো শংকা নামি আহিছে বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰোপৰি ইমানৰ পিচতো বৰ্তমানলৈ জিলা প্ৰশাসনৰ কোনো লোক অহা নাই বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ৷ লগতে সেই অঞ্চলটো কণ্টেইনমেন্ট জ'ন হিচাপেও এই পৰ্যন্ত ঘোষণা কৰা নাই জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃমুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা