যোৰহাট, ২৪ মে':আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাজ্য়িক বিজেপিৰ ৷ ইয়াৰ সমান্তৰালভাৱে কিন্তু বৃদ্ধি পাইছে দলটোৰ কৰ্মী সকলৰ মাজৰ বিবাদ আৰু অসন্তুষ্টি ৷ এতিয়ালৈকে প্ৰকট হৈ আহিছিল দুই ন-পুৰণি বিজেপিৰ সংঘাত ৷ এইবাৰ লাহে-লাহে মুকলি হ'বলৈ ধৰিছে তৃণমূল কৰ্মীৰ সংঘাত (Factional feud in Assam BJP) ৷ ইয়াৰ মাজতেই এনে এখন ছবি প্ৰতিফলিত হৈছে যোৰহাটত । যোৰহাট জিলা বিজেপিত আৰম্ভ হৈছে বিসম্বাদ (Conflict in Jorhat district BJP)। জিলা বিজেপি কাৰ্যালয়তেই দলীয় কৰ্মীৰ মাজত হোৱা বাক বিতণ্ডাৰ ঘটনাই সম্প্ৰতি জিলাখনত চৰ্চা লাভ কৰিছে ।
শাসনাধিষষ্ঠ বিজেপি চৰকাৰৰ নেতাসকলে দলত কোনো সংঘাত আৰু বিসম্বাদ নাই । শেহতীয়াভাৱে যোৰহাট বিজেপি কাৰ্যালয়ত সংঘটিত হোৱা এক বাক-বিতণ্ডাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জিলা বিজেপিত দীৰ্ঘদিনে হৈ থকা নতুন আৰু পুৰণি কৰ্মীৰ অসন্তুষ্টি তথা বিসম্বাদৰ ছৱিখন পোহৰলৈ লৈ আনিলে এই ভিডিঅ'টোই । উল্লেখ্য় যে ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত এখন দলীয় সভা অনুষ্ঠিত কৰা হৈছিল । এই সভাখনত যোৰহাট বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ পৰা আৰম্ভ সকলো বিজেপি নেতা -কৰ্মী উপস্থিত আছিল ।