টীয়ক,1 8মে’:অসমত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনৰ পৰা আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ।
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে কামৰ দ্বায়িত্ব গ্ৰহণ কৰিছে । কিন্তু লিংকনৰ কামত যথেষ্ট আসোঁৱাহ প্ৰত্যক্ষ কৰি বিভিন্ন সময়ত টীয়কৰ দল সংগঠন আৰু সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপিত কৰি আহিছে ।
শেহতীয়াকৈ উৰ্ধতম কৰ্তৃপক্ষৰ লগত টীয়কৰ সচেতন সমাজে এক বৈঠকত মিলিত হৈ প্ৰতিষ্ঠানটোৱে কৰা প্ৰতিটো কামৰ আসোঁৱাহ আঙুলিয়াই দিছিল আৰু কৰ্তৃপক্ষয়ো পুণৰীক্ষণৰ আশ্বাস দিছিল ৷ তাৰ পিছতো কাৰ্যত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ।