অসম

assam

By

Published : Jul 22, 2020, 5:09 PM IST

ETV Bharat / state

গণ সংক্ৰমণৰ দিশে টীয়কৰ গ্ৰামাঞ্চল

মঙলবাৰৰ দিনটোত যোৰহাট জিলাত ১৬৫ গৰাকীৰ দেহত ক'ভিড ১৯ ৰোগ ধৰা পৰিছে । ইয়াৰে ১৩৭ গৰাকী জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলৰ ৷ যোৰহাটৰ টীয়কতো বনাই,আমতল,জগদুৱাৰ নপমুৱাকে ধৰি বিভিন্ন গ্ৰামাঞ্চলত কেইবাজনো ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড ১৯ ৰোগ ৷

community transmission risk is high at Teok
গণ সংক্ৰমণৰ দিশে টীয়কৰ গ্ৰামাঞ্চল

টীয়ক, 22 জুলাইঃযোৰহাট জিলাত মঙলবাৰৰ দিনটোত ১৬৫ গৰাকীৰ দেহত ক'ভিড ১৯ পজিটিভ ধৰা পৰিছে । ইয়াৰে ১৩৭ গৰাকী জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলৰ ৰোগী । স্বাভাৱিকতে এই পৰিসংখ্যাই প্ৰমাণ কৰিছে কিদৰে গ্ৰামাঞ্চলত ক'ভিড ১৯ ৰোগৰ গণ সংক্ৰমণ ঘটিছে ।

গণ সংক্ৰমণৰ দিশে টীয়কৰ গ্ৰামাঞ্চল

টীয়কতো মঙলবাৰৰ দিনটোত বনাই আমতল,জগদুৱাৰ নপমুৱাকে ধৰি বিভিন্ন গ্ৰামাঞ্চলত কেইবাজনো ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড 19 ৰোগ । ইফালে টীয়কৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত যোৱা ১৫ জুলাইত স্থাপন কৰা ক'ভিড কেয়াৰ কক্ষত এই পৰ্যন্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১০০ৰো অধিক ৰোগীক ভৰ্ত্তি কৰা হৈছে আৰু পৰৱৰ্ত্তী পৰ্যায়ত ইয়াৰে ২২ গৰাকী ৰোগী ক'ভিড -19 নিগটিভ হোৱাত তেওঁ লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ লগতে ৰোগীক খাদ্য যোগানৰ ক্ষেত্ৰত পূৰ্বে সৃষ্টি হোৱা সমস্যা এতিয়া দূৰ হৈছে বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই। সেয়ে বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজক শংকিত নহৈ অধিক সতৰ্ক হ'বলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় সচেতন মহলে।

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আত্মজাহৰ চেষ্টা চলোৱা যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details