যোৰহাট, 7 ফেব্ৰুৱাৰী: যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত তিতাবৰ মহকুমা কৃষি বিভাগৰ অন্তৰ্গত তিতাবৰ কৃষি চক্ৰৰ কচুখাট পঞ্চায়তৰ কাৰ্যালয়ত ৫ ফেব্ৰুৱাৰীত আয়োজিত হয় বিশেষ এক অনুষ্ঠান ৷ এই অনুষ্ঠানত এটি সংযুক্ত খেতি চপোৱা যন্ত্ৰ (মাল্টিক্ৰপ হাৰভেষ্টাৰ) মুকলি কৰা হয় । আনুষ্ঠানিকভাৱে সংযুক্ত খেতি চপোৱা যন্ত্ৰটো মুকলি কৰে তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই (MLA Bhaskarjyoti Baruah)।
জিলাখনৰ কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত উপস্থিত থাকি বিধায়কগৰাকীয়ে সমবেত কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে কৃষি যান্ত্ৰিকীকৰণে অসমৰ কৃষি অৰ্থনীতিৰ আমূল পৰিৱৰ্তন ঘটাব । অসম চৰকাৰে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত বিশেষ উদ্যোগ তথা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখযোগ্য যে সংযুক্ত খেতি চপোৱা যন্ত্ৰটো কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডে কৃষি বিভাগৰ ৯০% ৰেহাই লাভ কৰি ক্ৰয় কৰা হৈছে (Combined harvesting machines inagruation in Jorhat)।
যন্ত্ৰটো কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈয়ে । জিলা কৃষি বিষয়াগৰাকীয়ে তেওঁৰ ভাষণত কৃষিক্ষেত্ৰত যন্ত্ৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা, ব্যৱহাৰ প্ৰণালী ইত্যাদিৰ বিষয়ে উপস্থিত কৃষকক অৱগত কৰে । কৃষকসকলৰ লগত মত বিনিময় কৰি কৃষি বিষয়াগৰাকীয়ে কয় যে যন্ত্ৰৰ সঠিক প্ৰয়োগে কৃষি অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব । কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত তিতাবৰ মহকুমা কৃষি বিষয়া ৰুবুল বৰগোহাঁয়ে উপস্থিত কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত অৱগত কৰে ।