যোৰহাট,30 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত ব্যাপক প্ৰতিবাদ ৷ ইয়াৰ মাজতেই সোমবাৰে যোৰহাট চিনামৰা চাহ বাগিচাৰ খেল পথাৰত এক শ্ৰমিক সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰামেশ্বৰ তেলী, চন্দ্ৰমোহন পাটোৱাৰী, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাগৰাকীয়ো নেতাই ৷
উল্লেখ্য যে, 1 জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হ’ব অসম চাহ নিগমৰ অন্তৰ্গত 15খন বাগিচাৰ শ্ৰমিকৰ মজুৰি ৷ যাৰ ফলত পূৰ্বৰ দৈনিক মজুৰি 137 টকাৰ পৰা 167 টকালৈ বৃদ্ধি কৰা হ’ব ৷ ইয়াৰ উপৰিও বাগিচাৰ দহ হাজাৰ শিক্ষিত নিবনুৱাক ব্যৱসায় কৰিবৰ বাবে 20 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব ৷ আনহাতে, 4000 পৰিয়াললৈ প্ৰথম পৰ্যায় হিচাপে 1 লাখ 30 হাজাৰ টকীয়া প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মান কৰি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আইনখনে অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে ৷