যোৰহাট, 15 ডিচেম্বৰ: সামৰণি পৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ (Cabinet Meeting in Jorhat)৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ‘ৰেপিড’ ব্যৱস্থাক স্বীকৃতি প্ৰদান ৰাজ্যিক কেবিনেটৰ(Assam Cabinet Meeting) ৷ নিজৰ বাইক যোগে যি কোনো লোকেই কৰিব পাৰিব ‘ৰেপিড’ ৷ নম্বৰ প্লেট সলনি নকৰাকৈয়ে এতিয়াৰে পৰা কোনো লোকে নিজৰ বাহনখন ‘পুল কাৰ’ কৰি যাত্ৰী কঢ়িয়াব পাৰিব ৷ মধ্যবিত্ত লোকসকল উপকৃত হোৱাকৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) ৷ চহৰৰ ষ্ট্ৰীট লাইটসমূহ চৰকাৰ আৰু পৌৰসভা একত্ৰিত হৈ জ্বলোৱাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা ৰাজ্যিক কেবিনেটৰ ৷
ইফালে, যোৰহাটৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে PHCক 100কোটি টকাৰ অনুমোদন কেবিনেটৰ(Jorhat PHE) ৷ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে ডেৰকিলোমিটাৰ দৈঘ্যৰ এখন উৰণীয়া সেতুৰো অনুমোদন কেবিনেটৰ ৷ বৰহোলাৰ পৰা যোৰহাট ন-আলিলৈকে অসম মালাৰ অধিনত নিৰ্মাণ হ’ব এটা পথ ৷ যোৰহাটত এখন চক বজাৰ নিৰ্মাণৰো সিদ্ধান্ত কেবিনেটৰ ৷ মৰিয়নিত নিৰ্মাণ হ’ব এখন 100খন বিচনাযুক্ত চিকিৎসালয় ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ(Jorhat medical college hospital) 1,22কোটি টকাৰ অনুমোদন(Cabinet decision for development of Jorhat) ৷