ন্যায় নোপোৱালকৈ সংবাদ মাধ্যমক কাষত থাকিবলৈ আহ্বান অংকিতাৰ যোৰহাট, 26 জুলাই : ৰাজ্য জোঁকাৰি যোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ভুক্তভোগীৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বুধবাৰে গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে পৰিয়ালটোৰ একমাত্ৰ সদস্য অংকিতা ঘোষক ৷ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংকিতা ঘোষৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও তেওঁ পৰিয়ালটোৰ আত্মীয়-স্বজনৰ সৈতেও ঘটনা সন্দৰ্ভত আলোচনা কৰে ৷ আনহাতে মুখ্যমন্ত্ৰীৰে আলোচনাৰ অন্তত সাংবাদ মাধ্যমৰ আগত অংকিতাই কয় যে, আমাৰ পৰিয়ালটোৱে অৰ্থাৎ মোৰ পিতৃ, মাতৃ আৰু বায়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আজিৰ দৰে সংবাদ মাধ্যম মোৰ লগত থাকিব লাগিব ৷ তেওঁ লগতে কয় যে, যি দিনাই মোৰ পিতৃ, মাতৃ আৰু বায়ে ন্যায় লাভ কৰিব সেইদিনাই মই কান্দিম ৷
লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আগত বিৱৰি কলে অংকিতা ঘোষে ৷ এনেকুৱা ঘটনা যাতে কাৰোৰে সৈতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোকে সজাগ, সচেতন হ'বলৈ আহ্বান জনায় অংকিতা ঘোষে ৷ উল্লেখ্য যে, ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিয়ালটোৰ তিনিগৰাকী সদস্যক অত্যন্ত নিৰ্মম ভাৱে হত্যা কৰা হ'ল ৷ পৰিয়ালটোৰ একমাত্ৰ সদস্য অংকিতাক সাক্ষাৎ কৰি আমাৰ সমবেদনা জনালো ৷ সমগ্ৰ ঘটনাৰ বিষয়ে বুজ লোৱাৰ চেষ্টা কৰিলো ৷
তেওঁ কয় যে, ঘটনাটোৰ উচিত তদন্তৰে চাৰ্জশ্বিট দাখিল কৰি অতি শীঘ্ৰেই যাতে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব পৰা হয় তাৰ বাবে আৰক্ষী অধীক্ষক আৰু ৰেঞ্জ ডি আই জিৰ লগত আলোচনা কৰিছো ৷ তেওঁ কয় যে মই নিশ্চয়তা দিছো দোষীক আমি উপযুক্ত শাস্তি প্ৰদান কৰিব পাৰিম ৷ উল্লেখ্য যে, গোলাঘাট চহৰৰ সঞ্জীৱ ঘোষ তেওঁৰ পত্নী জুনু ঘোষ আৰু জীয়ৰী সংঘমিত্ৰা ঘোষক অতি নৃশংসভাৱে হত্যা কৰিছিল পৰিয়ালটোৰ জোঁৱায়েক নাজিবুৰ ৰহমানে ৷
লগতে পঢ়ক :Golaghat tripple murder: বিশেষ আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ