যোৰহাট, 4 ফেব্ৰুৱাৰী: শুকুৰবাৰে যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দিলে একাধিক ভালখবৰ (CM Himanta Biswa Sarma visit Jorhat) ৷ ঐতিহাসিক কেন্দ্ৰীয় কাৰাগাৰে নতুন ৰূপ পোৱাৰ লগতে অত্যাধুনিক হ’ব উজনি অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম ।
উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ জিলা পৰিভ্ৰমণ কৰাৰ পাছত যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা জনালে সংবাদ মাধ্যমত । ঐতিহাসিক যোৰহাট জিলা কাৰাগাৰ(Jorhat Central Jail)ক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘অমৃত উদ্যান’ হিচাপে গঢ়ি তোলাৰ কথা ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ বাবে ১০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে । কাৰাগাৰখনৰ মুঠ ৩০০ বিঘা ভূমিৰ ১০০ বিঘাত উদ্যানখন গঢ়ি তোলা হ’ব । স্বাধীনতা সেনানীসকলৰ ত্যাগক জীয়াই ৰখা হ’ব ।