টীয়ক, 21 নৱেম্বৰ : দেওবাৰে টীয়ক সমষ্টি(Teok Constituency)ত উপস্থিত হৈ কেইবাটাও সমষ্টিত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই ৷ যোৰহাটৰ আৱৰ্ত ভৱনত পুৱাৰ ভাগত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী(Nagaland CM)ৰ সৈতে বাৰ্তালাপ কৰি টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ আউনীআটী বিশ্ববিদ্যালয়(Auniati University)ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
চৰকাৰৰ নতুন শিক্ষা নীতি(New Education Policy)ৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিবলৈ লৈছে এই আউনীআটী বিশ্ববিদ্যালয়খন ৷ জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ প্ৰাৰম্ভিক কামকাজ চলি আছে ৷ প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, চিকিৎসা বিদ্যা, বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা থাকিব এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত । লগতে সত্ৰনগৰী মাজুলীত স্থাপন হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কাৰ্যালয় ৷