যোৰহাট,২১ আগষ্ট:যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা অৰুণোদয় মাহ ২০২২ৰ (Orunodoi Month start in Jorhat) আনুষ্ঠানিক শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে (Director of Department of Agriculture) ৷ অৰুণোদয় আঁচনিৰ অধীনৰ হিতাধিকাৰীসকল প্ৰকৃত বা যোগ্য হিতাধিকাৰী হয় নে নহয় তথা পাব নলগীয়া মহিলাইও উক্ত টকা গ্ৰহণ কৰি আছে নেকি সেয়া বাচি উলিয়াবলৈ ব্য়ৱস্থা কৰা হৈছে (Orunodoi Month in Assam)।
এই ঘৰে ঘৰে জৰীপ কৰিবৰ বাবে মহাবিদ্য়ালয়ৰ NCC,NSS-ৰ কেডেট আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক নিয়োজিত কৰা হৈছে বুলি কয় কৃষি বিভাগৰ সঞ্চালকগৰাকীয়ে ৷ তেওঁ পুনৰ কয় যে, এইক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ বিষয়ববীয়া সকলে তেওঁলোকক সম্পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰিব ৷ উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে অংশগ্ৰহণ কৰে ।
ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ উক্ত আঁচনিখনৰ দ্বাৰা জিলাখনৰ বহুসংখ্যক মহিলা উপকৃত হৈছে। উপায়ুক্তগৰাকীয়ে জৰীপৰ বাবে নিয়োজিত কৰা মহাবিদ্য়ালয়ৰ NCC,NSS কেডেট আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক মনপুতি নিজৰ দায়িত্ব পালন কৰিবলৈ উৎসাহিত কৰে ৷