যোৰহাট, 10জুলাই : দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে যোৰহাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে দুপৰীয়া যোৰহাটৰ লাহদৈগড় হুলোঙাপাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে পৰিদৰ্শন কৰে লাচিত মৈদাম ৷ লাচিত মৈদাম পৰিদৰ্শন কৰি মৈদামৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে বুজ লোৱাৰ লগতে মৈদাম কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয় ৷
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী বিয়লি প্ৰায় 4.30 বজাত উপস্থিত হয় যোৰহাটৰ ঐতিহাসিক টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ৷ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমেই পৰিদৰ্শন কৰে প্ৰশাসনিক ভৱন ৷ প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে ৰাজ্যৰ চাহ গৱেষণা সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিভিন্ন বিভাগ সমূহ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ বিজ্ঞানী, কৰ্মচাৰী সকলৰ লগত এক আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছতে টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে, যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত চলি থকা কাম-কাজৰ বিষয়ে নিজে বুজ লবৰ বাবে তেওঁ প্ৰতিষ্ঠানখনত উপস্থিত হৈছে ৷ মেনেজমেন্টৰ ফালৰ পৰাও তেওঁলোকৰ পৰিকল্লনাৰ বুজ লোৱা হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷