যোৰহাট, ৮ আগষ্ট:অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান মঙলবাৰে অনুষ্ঠিত হয় । পুৱা সামূহিক বিজ্ঞান মহাবিদ্যালয় চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই । ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।
সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড৹ মামনি দাসে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথিৰ বক্তব্যত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই কৃষি উদ্যোগী গঢ় দিয়াৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু ইয়াৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্মদক্ষতাৰ শলাগ লোৱাৰ লগতে ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে প্ৰতিষ্ঠা দিৱস বক্তৃতা প্ৰদান কৰি ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠান, নয়ডাৰ চেয়াৰমেন প্ৰফেছৰ ড৹ সৰোজ শৰ্মাই বৃত্তিগত ব্যৱস্থাপনা আৰু কাৰ্যকুশলতাৰ যথোপযুক্ত প্ৰয়োগৰ জৰিয়তে উদ্যোগিক সম্ভাৱনীয়তা আৰু দিশত শিক্ষানুষ্ঠানৰ কৰণীয়তাৰ বিষয়ে আলোকপাত কৰে ।