যোৰহাট, 23 ফেব্ৰুৱাৰী :যোৰহাট জিলালৈ সু-খবৰ ৷ বিগত ২০০২ চনৰ পৰাই অসমৰ যশস্বী ব্যক্তি সকলক প্ৰদান কৰি অহা "প্ৰণৱ বৰুৱা শিল্পী বঁটা" ২০১৯ বৰ্ষ, প্ৰদান কৰা হয় যোৰহাটৰ প্ৰসিদ্ধ ভাস্কর্য শিল্পী চালেহা আহমেদক ৷ দেওবাৰে যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যালয়ৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী অনুষ্ঠানত ভাস্কর্য শিল্পীগৰাকীক প্ৰদান কৰা হয় এই বঁটা ৷
ভাস্কর্য শিল্পী চালেহা আহমেদলৈ "প্ৰণৱ বৰুৱা শিল্পী বঁটা ২০১৯" - Clay artist Saleha Ahmed achived the Pranab Baruah artist award 2019
যোৰহাট জিলালৈ সু-খবৰ ৷ যোৰহাটৰ প্ৰসিদ্ধ ভাস্কর্য শিল্পী চালেহা আহমেদলৈ "প্ৰণৱ বৰুৱা শিল্পী বঁটা" ২০১৯ বৰ্ষ, প্ৰদান ৷
ভাস্কর্য শিল্পী চালেহা আহমেদলৈ "প্ৰণৱ বৰুৱা শিল্পী বঁটা ২০১৯ "
উল্লেখ্য যে শিল্পী গৰাকীয়ে ভাস্কর্য শিল্প জগতখনলৈ আগবঢ়াই অহা অনবদ্য অৱদানৰ বাবেই প্ৰদান কৰা হৈছে এই বঁটা ৷ যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হোৱা এই বঁটা বিতৰণী সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ মালিনী গোস্বামী ৷ বঁটা গ্ৰহণ কৰি উৎফুলিত চালেহা আহমেদৰ মন্তব্য এতিয়া তেঁওৰ দায়িত্ব বাঢ়িল, ভৱিষ্যতেও আৰু অধিক ভাল কাম কৰি যোৱাৰ পৰিকল্পনা হাতত লৈছে শিল্পী গৰাকীয়ে ৷
Last Updated : Jan 6, 2023, 11:15 AM IST
TAGGED:
Award program