যোৰহাট, 10 আগষ্ট: শাসনাধিষ্ঠ বিজেপি চৰকাৰে দেশৰ মুঠ সম্পদৰ 73 ভাগ দেশী-বিদেশী পুঁজিপতিৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি সোমবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে চিটুৱে ৷ যোৰহাট চহৰৰ মাজৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী তথা ভাৰত বাচাও আন্দোলন ৰূপায়ণ কৰে সংস্থাটোৱে ।
কৰ’ণা মহামাৰীৰ সংকটৰ এই সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে জনবিৰোধী নীতি গ্ৰহণ কৰি জনতাৰ জীৱনৰ স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে ।