ধন দাবী কৰি আটক চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক
সম্পাদক গৰাকীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইজনমান সদস্যৰ সহযোগত অপহৰণ কৰি হীৰকক আন এটা জাতীয় সংগঠনৰ কাৰ্য্যালয়লৈ লৈ যায় বুলি অভিযোগ কৰে
যোৰহাট, 25 আগষ্টঃ ধন দাবী কৰি যোৰহাটত আটক চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৷ কপি উবছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৌশল বিকাশ যোজনাৰ অধীনত সাক্ষাৎকাৰ দিবলৈ যোৱা হীৰক জ্যোতি দাস নামৰ যুৱকজনক ধন দাবী কৰাৰ অভিযোগ সম্পাদক ৰাজ বাঢ়ৈ বৰাৰ বিৰুদ্ধে ৷ সম্পাদক গৰাকীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইজনমান সদস্যৰ সহযোগত অপহৰণ কৰি হীৰকক আন এটা জাতীয় সংগঠনৰ কাৰ্য্যালয়লৈ লৈ যায় বুলি অভিযোগ কৰে । তাৰ পাচত যুৱকজনক অল্ড চাৰ্কিট হাউচ ৰ'ডত অৱস্থিত এখন ল'জত সোমোৱাই মাৰপিত কৰাৰ লগতে ৫০,০০০ টকা দাবী কৰে ।
কিন্তু যুৱকজনে হাতত ইমানখিনি টকা নথকাত সম্পাদক ৰাজ বাঢ়ৈ বৰাই হিৰক কাম কৰা কপি উবছ নামৰ কোম্পানীলৈ টকা বিচাৰি ফোন কৰিবলৈ কয় । প্ৰতিষ্ঠানটোলৈ ফোন কৰাত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে যোৰহাট আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে হীৰকৰ সন্ধানত তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে হীৰকৰ বিৰুদ্ধে । অভিযানত আটক কৰিবলৈ সক্ষম হয় ৰাজ বাঢ়ৈ বৰাই ৷ তাৰোপৰি আন চাৰিজন নেতাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷