অসম

assam

By

Published : Nov 8, 2020, 4:48 PM IST

ETV Bharat / state

আগন্তুক নিৰ্বাচনত চুতীয়া প্ৰাৰ্থীৰ দাবী চুতীয়া জাতি সন্মিলনৰ

দেওবাৰে টীয়কত চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অভিৱৰ্তনত চুতীয়াসকলৰ পৰা প্ৰাৰ্থী প্ৰদানৰ দাবী চুতীয়া সংগঠনসমূহৰ ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰতিনিধি নিদিলে নিৰ্দলীয় হিচাপে প্ৰাৰ্থী আগবঢ়োৱাৰ হুংকাৰ চুতীয়া জাতি সন্মিলনৰ সচিব নৃপেন শইকীয়াৰ ৷

chutia meeting in teok
চুতীয়া প্ৰাৰ্থীৰ দাবী চুতীয়া জাতি সন্মিলনৰ

টীয়ক,8 নৱেম্বৰ : টীয়কত চুতীয়া জাতি সন্মিলনৰ ৰাজনৈতিক অভিৱৰ্তন । সকলো ৰাজনৈতিক দলকে চুতীয়া অধ্যুষিত সোতৰটা সমষ্টিৰ পাঁচটাত চুতীয়া জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰদানৰ দাবী উত্থাপন কৰে চুতীয়া সংগঠনসমূহে । অন্যথা তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাব বুলি হুংকাৰ দিয়ে ৷

এই সন্দৰ্ভত দেওবাৰে চুতীয়া জাতি সন্মিলনী, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ যোৰহাট আৰু তিতাবৰ জিলাই কাকজান কৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত কৰে ৷ উক্ত ৰাজনৈতিক জাগৰণ অভিৱৰ্তনৰ কাৰ্যসূচীত চুতীয়া জনগোষ্ঠী সন্মিলনৰ প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

সভাখনত সচিব নৃপেন শইকীয়াই কয় যে,‘‘ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহে চুতীয়া সকলক ঘোৰ প্ৰতাৰণাৰ মাজেৰে কেৱল শোষণহে কৰিছে । চুতীয়া অধ্যুষিত যিসমূহ সমষ্টি আছে, সেই সমূহতো চুতীয়া সকলৰ কোনো প্ৰতিনিধি বিধানসভাত নাই’’ ৷

লগতে পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰতিনিধি নিদিলে তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰাৰ্থী আগবঢ়াব বুলিও হুংকাৰ প্ৰদান কৰে চুতীয়া জাতি সন্মিলনৰ সচিব নৃপেন শইকীয়াই ৷

লগতে পঢ়ক :বৰপেটাত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ABOUT THE AUTHOR

...view details