মৰিয়নী,৮জুলাই: পখিলা খেদাৰ বয়সতে সমাজৰ হিতৰ বাবে চিন্তা কৰা কেইগৰাকীমান কণমানি । মানৱতাৰ গুণেৰে সমৃদ্ধ মৰিয়নীৰ এইকেইগৰাকী কণমানিয়ে সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ সপোনেৰে প্ৰতিষ্ঠা কৰিছিল এটা সামাজিক সংস্থা । পণ লৈছিল খেলা-ধূলা, পঢ়া-শুনাৰ মাজতে জ্যেষ্ঠজনৰ হাতত ধৰি সমাজৰ বাবে কিবা এটা ভাল কাম কৰিবলৈ আগুৱাই যোৱাৰ । কণমানি কেইগৰাকীয়ে লক ডাউনৰ সময়ছোৱাত দৈনিক হাজিৰা কৰি ঘৰ চলোৱা বহু কেইটা পৰিয়ালক দুবেলা দুমুঠি অন্ন যোগাৰ কৰি দিয়াৰ বাতৰি ইতিমধ্যে ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ কৰি তেওঁলোকক উৎসাহ দিবলৈ এক প্ৰয়াস কৰিছিলো।
সমাজৰ বাবে সমৰ্পণৰ মনোভাৱঃ আদৰ্শ দেখুৱালে মৰিয়নিৰ অকনিহঁতে - help to poor people
মানৱতাৰ গুণেৰে সমৃদ্ধ মৰিয়নীৰ কেইগৰাকীমান কণমানিয়ে সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ সপোনেৰে প্ৰতিষ্ঠা কৰিছিল এটা সামাজিক সংস্থা । পণ লৈছিল খেলা-ধূলা, পঢ়া-শুনাৰ মাজতে জ্যেষ্ঠজনৰ হাতত ধৰি সমাজৰ বাবে কিবা এটা ভাল কাম কৰিবলৈ আগুৱাই যোৱাৰ । শেহতীয়াকৈ এই কণমানি কেইগৰাকীয়ে প্ৰতিষ্ঠা কৰা "ছেৰী হেল্প" নামৰ সংস্থাৰ জড়িয়তে গছপুলি ৰোপণ কৰি দাঙি ধৰিলে সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা ।

শেহতীয়াকৈ এই কণমানি কেইগৰাকীয়ে প্ৰতিষ্ঠা কৰা "ছেৰী হেল্প" নামৰ সংস্থাৰ জড়িয়তে এইবাৰ গছপুলি ৰোপণ কৰি সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা পুনৰ এবাৰ দাঙি ধৰিলে । বুধবাৰে মৰিয়নীৰ বাপুজী ষ্টেডিয়ামৰ সমীপত অৱস্থিত ৰাজহুৱা পুখুৰীৰ পাৰত অকনিহঁতৰ "ছেৰী হেল্প"ৰ উদ্যোগত এলানি বৃক্ষ ৰোপণ কায্যসূচী ৰূপায়ন কৰা হয় । ৰাষ্ট্ৰীয় বন মহোৎসৱৰ লগত সংগতি ৰাখি "ছেৰী হেল্প"ৰ কণমানিহঁতে মৰিয়নী খনক ন ৰূপেৰে গঢ় দি আগবঢ়াই থৈ যোৱা ১২ গৰাকী শিক্ষাবিদ তথা সমাজকৰ্মীৰ স্মৃতিত এলানি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । ৫ বছৰৰ পৰা ১২ বছৰ বয়সৰ এই কণমানি কেইগৰাকীয়ে সমাজৰ হিতৰ বাবে লোৱা এই উদ্যোগত আপ্লুত হৈ সহযোগিতা আগবঢ়াই মৰিয়নী তথা যোৰহাটৰ কেইবাগৰাকীওঁ বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মীয়ে ।
অঞ্চলবাসীয়ে শলাগ ল'লে শৈশৱৰ পৰাই অকনিহঁতৰ এনে সামাজিক দায়বদ্ধতাৰ অনুভৱক । এখন সুন্দৰ সমাজৰ সপোন দেখা অকনিহঁতৰ এই প্ৰচেষ্টা অব্যাহত থকাৰ লগতে শিক্ষা দিক্ষাৰ ক্ষেত্ৰতো সমানেই আগবাঢ়ি যাবলৈ সকলোৱে দিলে আশীৰ্বাদ ।