অসম

assam

ETV Bharat / state

Childrens Festival in Teok: পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ শিশু সমাৰোহ আৰম্ভ - পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত

টীয়কৰ বলমা মাজমুৰি সাংস্কৃতিক মঞ্চত আৰম্ভ পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহ (Moina Parijaat in Assam)। এই উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । আনহাতে,অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত পেৰেডৰ অভিবাদন গ্ৰহণ কৰে যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষকে ।

Pub Jorhat Anchalik Moina Parijaat
পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহ

By

Published : Jan 21, 2023, 3:30 PM IST

পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহ

টীয়ক, ২১ জানুৱাৰী:পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহ শনিবাৰৰ পৰা আৰম্ভ হৈছে (Pub Jorhat Anchalik Moina Parijaat)। যোৰহাট জিলাৰ টীয়কৰ বলমা মাজমুৰি সাংস্কৃতিক মঞ্চত সোণালী মইনা পাৰিজাত,আলোক সন্ধানী মইনা পাৰিজাত আৰু উদ্দীপ্তজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ আৰম্ভ হৈছে এই শিশু সমাৰোহখনি । আজি সমাৰোহৰ প্ৰথমটো দিনত পুৱা সামূহিক চাফাই অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন আৰু সামূহিক প্ৰাৰ্থনা ।

এই সামূহিক চাফাইৰ পিছতেই মূল পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতে পেৰেড,ক্ৰীড়া,কবিতা,সংগীত,হস্তশিল্প,কুইজ আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইপিনে, এই প্ৰতিযোগিতাৰ মাজতে মাজকুৰি সাংস্কৃতিক মঞ্চত সমাৰোহৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । এই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ ধীৰেণ কলিতাই (Kakzan College) ।

ইপিনে,পেৰেডৰ অভিবাদন গ্ৰহণ কৰে যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষক ৰেখা ফুকনে । উল্লেখযোগ্য যে এই সমাৰোহত পূব যোৰহাটৰ ৩৭খনকৈ মইনা পাৰিজাতে অংশগ্ৰহণ কৰিছে । ইপিনে,শিশুসকলক কায়িক,মানসিক তথা বৌদ্ধিক বিকাশৰ অৰ্থে গাঁৱে গাঁৱে প্ৰতিষ্ঠা হোৱা এই মইনা পাৰিজাতৰ অৱদান অপৰিসীম যদিও কালক্ৰমত বহু অঞ্চলৰ পৰা ইয়াৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিছে ।

ইয়াৰ মাজতেই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতে অঞ্চলটোৰ অন্তৰ্গত ৩৭ খনকৈ মইনা পাৰিজাতৰ অংশগ্ৰহণেৰে সমাৰোহৰ আয়োজন কৰাত এক আশাৰ বতৰা কঢ়িয়াই আনিছে । এই সন্দৰ্ভত আয়োজকসকলে কয় যে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত হৈছে এক কল্য়াণধৰ্মী অনুষ্ঠান । ইয়াত চেমনীয়াসকলেও অংশগ্ৰহণ কৰিব পাৰে । অৰ্থাৎ অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে ।

উল্লেখ্য় যে মইনা পাৰিজাত (Moina Parijaat) হৈছে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে গঠন হোৱা এক বেচৰকাৰী অনুষ্ঠান । শিশুক শৈশৱতেই সামাজিক,সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগত কেইগৰাকীমান ব্যক্তিয়ে পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান গঠন কৰিছিল ৷ পৰৱৰ্তী সময়ত এই অনুষ্ঠান দুটা একলগ হৈ মইনা পাৰিজাত গঠন কৰে ৷ অসমৰ বিভিন্ন ঠাইত মইনা পাৰিজাতৰ বিভিন্ন শাখা আছে । এই শাখাসমূহৰ জৰিয়তে মইনা পাৰিজাতে বিভিন্ন বিকাশমূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

লগতে পঢ়ক:Suvendu Adhikari annoyed over Wrong Badge: তাড়াহুড়োয় 'স্বেচ্ছাসেবক' ব্যাজ পেলেন শুভেন্দু, বিরক্ত বিরোধী দলনেতা

ABOUT THE AUTHOR

...view details