যোৰহাট,২২ আগষ্ট:গুৱাহাটী বাহিৰত প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত কৰা হৈছে এক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী । মঙলবাৰে অনুষ্ঠিত হোৱা উক্ত প্ৰদৰ্শনীত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । আনহাতে এই প্ৰদশনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, আমি সাধাৰণভাৱে টিউচন বন্ধ কৰা নাই । কিন্তু শিক্ষক-শিক্ষয়ত্ৰীসকলে নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলক টিউচন কৰা প্ৰথাটোহে বন্ধ কৰি দিয়া হৈছে ।
আনহাতে শিক্ষানুষ্ঠান সমুহৰ আন্তঃগাঁথনি সম্পৰ্কত তেওঁ কয় যে, ৱৰ্ল্ড বেংকৰ পুঁজিৰে প্ৰাথমিক বিদ্যালয় আন্তঃগাঁথনি উন্নত কৰা হ'ব আৰু ২৫২ খন মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰিব বাবে প্ৰত্যকখনৰ বাবে ৫ কোটি টকাকৈ ধাৰ্য কৰা হৈছে আৰু ৬০ খন শিক্ষানুষ্ঠানৰো আন্তঃগাঁথনি তথা সমস্যাসমূহ সমাধান বাবে ডনাৰ পুঁজি ব্যৱহাৰ কৰা হ'ব ।