অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নৱজাতকৰ মৃত্যু

এইবাৰ তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি নৱজাতকৰ মৃত্যু হয় (Child death in Japanese Encephalitis )৷ তিনিমহীয়া কন্যা সন্তানটি জ্বৰত আক্ৰান্ত হোৱাৰ বাবে যোৱা সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল (Child death t Titabar)৷

child death in Japanese Encephalitis
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নৱজাতকৰ মৃত্যু

By

Published : Aug 14, 2022, 7:43 PM IST

তিতাবৰ, 14 আগষ্ট: ৰাজ্যত এতিয়া ক’ভিডৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক (Japanese encephalitis and Dengue menace in Assam) । ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা আৰু মৃতকৰ সংখ্যা ।

এইবাৰ তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি নৱজাতকৰ মৃত্যু হয় (Child death in Japanese Encephalitis )৷ জানিব পৰামতে তিতাবৰৰ মেলামাটিৰ নতুন ফুলবাৰী গাঁৱৰ নিবাসী আলটাফ হুছেইন আৰু মেৰীজা বেগমৰ তিনিমহীয়া কন্যা সন্তানটি জ্বৰত আক্ৰান্ত হোৱাৰ বাবে যোৱা সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল (Child death t Titabar)৷

কিন্তু শিশুটিৰ স্বাস্থ্যৰ কোনো উন্নতি নঘটাৰ বাবে ফলত পৰিয়ালৰ লোকে নৱজাতক গৰাকীক বুধবাৰে যোৰহাটস্থিত মিছন হাস্পতেলত পুনৰ ভৰ্তি কৰায় ৷ কিন্তু মিছন হাস্পতালত ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছত নৱজাতকটিৰ স্বাস্থ্য ক্ৰমাৎ বেয়াৰ দিশলৈ গতি কৰাত চিকিৎসকে পৰিয়ালৰ লোকক ডিব্ৰুগড় অসম চিকিৎসালয়ত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে ৷

চিকিৎসকৰ পৰামৰ্শক্ৰমে শনিবাৰে শিশুটিক পৰিয়ালৰ লোকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও দুৰ্ভাগ্যজনকভাৱে দেওবাৰে বিয়লি 3 বজাত শিশুটিয়ে অকাল মৃত্যুক সাৱটি লয় ৷ প্ৰাপ্ত তথ্য অনুসৰি নৱজাতক শিশুটি শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল ৷

পৰিয়ালৰ সদস্যই অভিযোগ কৰা মতে যোৰহাটৰ চৰকাৰী চিকিৎসা ব্যৱস্থা অতিশয় দুৰ্বল হোৱাৰ বাবেই কন্যা সন্তানটিয়ে অকাল মৃত্যুক সাৱটিব লগা হয় ৷ আনকি শিশুটিক হাস্পতালত জাপানীজ এনকেফেলাইটিছৰ পৰীক্ষাও কৰোৱা হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে শিশুটোৰ আত্মীয়ই ৷

লগতে পঢ়ক:Japanese Encephalitis in Bongaigaon : জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

...view details