টীয়ক,৪ জুন :ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Third phase of Gunotsav 2022)। যোৰহাট জিলাতো দেখা গৈছে গুণোৎসৱক লৈ ব্যাপক তৎপৰতা (Gunotsav in Jorhat)। ইয়াৰ মাজত জিলাখনৰ টীয়ক সমষ্টিৰ চটাইস্থিত ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা । গুণোৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয়খন পৰিদৰ্শন কৰে মুখ্য সচিবগৰাকীয়ে (CS Jishnu Baruah attends Gunotsav at Teok)।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে বিষয়াগৰাকীয়ে । ইফালে মুখ্য সচিবগৰাকীয়ে গুণোৎসৱ উপলক্ষে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, আন্ত:গাঁথনিকে ধৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ মানদণ্ড আদি পৰ্যালোচনা কৰে । আনহাতে শিক্ষকৰ ৰূপত মুখ্য সচিবগৰাকীয়ে পাঠদানো কৰে ।