টীয়ক, 16 আগষ্ট :ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ নেদেখাজনৰ আশীৰ্বাদ ল’লে ৷ দুদিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই ভ্ৰমণ সূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে।
পুৱাৰ ভাগত অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত নিৰ্মিত প্ৰথমখন যোৰহাট নগৰ আৰু ন-আলি সংযোগী উৰণ সেঁতু উদ্বোধন কৰে।
তাৰ পাচতে বিয়লি ভাগত পূৱ যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ, মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত, ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ, অতিথি ভৱন আৰু মইনাপৰীয়া নামঘৰত নেদেখাজনৰ চৰণত সেৱা লয়। উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা মূল তোৰণখন ভাঙি নতুনকৈ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৷ এই নৱনিৰ্মিত তোৰণখন আৰু অতিথি ভৱনটি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পিচতে এতিয়া অধিক উৎসাহিত হৈ পৰিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে সমূহ টীয়কবাসী।