যোৰহাট, 21 নৱেম্বৰ :দীৰ্ঘদিনীয়া সীমা সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ যোৰহাটত উপস্থিত হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’(Nagaland CM in Jorhat) ৷ চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক উষ্ম সম্বৰ্ধনা জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই ৷ দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱন(Jorhat Circuit House)ত অনুষ্ঠিত এক বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ আৱৰ্ত ভৱনত পুৱাৰ ভাগতে উপস্থিত হয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী(MLA Rupjyoti Kurmi) ৷
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বৰে পৰা অসমৰ সীমান্তত নগাৰ আগ্ৰাসনে(Assam Nagaland Border Conflict) সীমান্তবাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল ৷ তদুপৰি একাংশ নগা দুৰ্বৃত্তই সীমান্তবাসীক বিভিন্ন ধৰণেৰে দাবী-ধমকি দিয়াৰ লগতে কোনো কোনো অঞ্চলত পশুধনসমূহো কাঢ়ি নিয়াৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷