তিতাবৰ,22জুনঃএক হৃদয় কঁপাই তোলা দৃশ্য ৷ মাতৃৰ কোলাত সন্তানৰ জীৱনৰ লাখটকীয়া দৰ ৷ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত যোৱা ১৫ জুনত নিজা বাসগৃহৰ শোৱাপাটীৰ পৰা উঠাই লৈ যোৱাৰ পিছত আৰক্ষী আৰু সেনাবাহিনীৰ জিম্মাত মৃত্যু হোৱা তিতাবৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত হাবি গাঁও গাভৰু আলিৰ জয়ন্ত বৰাৰ অস্বাভাৱিক মৃত্যু ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্ত অব্যাহত থকাৰ সময়তে সোমবাৰে অসম চৰকাৰৰ হৈ প্ৰয়াত জয়ন্ত বৰাৰ শোক সন্তপ্ত পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।
অসম চৰকাৰৰ হৈ মন্ত্ৰী যোগেন মহনে প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ হাতত ৬ লাখ টকাৰ এখন চেক প্ৰদান কৰে । সমান্তৰালভাৱে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে পৰিয়ালটোক ৩ লাখ টকাৰ এখন চেক প্ৰদান কৰে । ইয়াৰোপৰি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে দুৰ্ভগীয়া পৰিয়ালটোক এটি ''ঠেঙাল কুটীৰ"নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰে ।