টীয়ক ,২০ নৱেম্বৰ:সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী(Lachit Divas Celebrate in Assam) ৷ আগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ নায়ক তথা জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু লাচিত মৈদাম সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত পূব যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Lachit Borphukan birth anniversary)।
আজি যোৰহাটৰ লাচিত মৈদামৰ প্ৰেক্ষাগৃহত অসম চৰকাৰে জাতীয় বীৰ লাচিতৰ মৈদাম প্ৰাংগণত প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ উদ্দেশ্যৰে এক সভা অনুষ্ঠিত কৰে(Lachit diwas celebrated in Teok) । সভাত প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণ কৰা লোক তথা পৰিয়ালবৰ্গলৈ আনুষ্ঠানিকভাবে চেক বিতৰণ কৰা হয়(Checks distribution of Lachit project land acquired donors in Teok ) ৷