অসম

assam

ETV Bharat / state

টীয়ক নদীৰ ঘাটত ষট পূজা - সূৰ্য দেৱতাক প্ৰণাম

টীয়ক নদীৰ ঘাটত উদযাপন কৰা হৈছে ষট পূজা ৷ এইবাৰ ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি আধ্যাত্মিকতা ৰক্ষা কৰি উদযাপন কৰা হৈছে ষট পূজা ৷

As_teok_teok_chat_puja_img_asc10027
টীয়ক নদীৰ ঘাটত ষট পূজা

By

Published : Nov 20, 2020, 6:28 PM IST

টীয়ক,20 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে টীয়কতো টীয়ক নদীৰ ঘাটত উদযাপন কৰা হৈছে ষট পূজা ৷ 1964 চনৰ পৰা ধাৰাবাহিক ভাৱে টীয়কত উদযাপন কৰা হৈ আহিছে ষট পূজা ৷ বিগত বছৰ সমূহত জাক জমকতাৰে উদযাপন কৰা হৈছিল যদিও এইবাৰ ক'ভিড-19ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷

টীয়ক নদীৰ ঘাটত ষট পূজা

সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি আধ্যাত্মিকতা ৰক্ষা কৰি এইবাৰৰ ষট পূজা উদযাপন কৰা হয় ৷ সূৰ্য দেৱতাক প্ৰণাম জনাই পূজাস্থলীৰ পৰাই মহামাৰী ক'ৰণাৰ ত্ৰাসৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ নেদেখাজনৰ ওচৰণ সেৱা আগবঢ়াইছে সকলোৱে ৷

লগতে পঢ়ক:নলবাৰীৰ অমিয়াপুৰত বেংক ডকাইতিৰ ঘটনা

ABOUT THE AUTHOR

...view details