যোৰহাট, 21 এপ্ৰিল :"শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত তিল মাত্ৰও দুৰ্নীতি হোৱাৰ সম্ভাৱনাও নাই ৷ আমি ইয়াৰ বিজ্ঞাপন দিওঁ, আমি ইয়াৰ বাবে বিশেষ চৰ্তাৱলী আৰু অৱস্থা নিৰ্ধাৰিত কৰি দিছো ৷ আমি চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতিগত প্ৰমাণপত্ৰ চাঁও ৷ জাতিগত প্ৰমাণপত্ৰ প্ৰদান নকৰিলে অনলাইন প্ৰক্ৰিয়াতে আবোদন গ্ৰহণ কৰা নহ’ব ৷ এই আঁচনি লাভ কৰিবলৈ 5 লাখতকৈ অধিক উপাৰ্জন হ’ব নালাগিব ৷ হিতাধিকাৰীৰ ভূমি 10 বিঘাতকৈ অধিক থাকিব নোৱাৰিব ৷ আবেদন প্ৰক্ৰিয়াত কোনো অধ্যক্ষ অথবা কোনো লোকৰ হাত নাথাকে ৷ যদি সকলো শিতানত তেওঁৰ হিতাধিকাৰীৰ তথ্য পাতি মিল নহয় তেনেহ’লে অনলাইন প্ৰক্ৰিয়াতে আবেদন খাৰিজ হ’ব ৷ দুৰ্নীতি অফলাইনত হয়, অনলাইন প্ৰক্ৰিয়াত নহয় ৷" শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে শুকুৰবাৰে এই মন্তব্য প্ৰদান কৰিলে অধ্যক্ষ দুলেন নায়কে (Chairman Dulen Nayak on Swajiyojan Scam)৷
দুলেন নায়কে লগতে কয় যে, এই আঁচনিত কংগ্ৰেছৰ দিনতেই দুনীতি সংঘটিত হৈছিল, মই ২০১৭ চন পৰাই অধ্যক্ষ দায়িত্ব আছো ৷ ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। চাহ জনগোষ্ঠীয় জাতিগত প্ৰমাণ পত্ৰ লৈ যোৰহাট জিলাত খেলি-মেলি হোৱা নাই, অন্য জিলাতহে হৈছে ৷ ইতিমধ্যে এই আঁচনিৰ জৰিয়তে ৭,৯৪০ যোগ্য হিতাধিকাৰীৰ প্ৰাথী লাভবান হৈছে (Swahid Dayal Das Panika Swajiyojan Achoni)।
বৃহস্পতিবাৰে আদিবাসী ছাত্ৰ সন্থা মৰিয়নী শাখাৰ উদ্যোগত শতাধিক বঞ্চিত হিতাধিকাৰী আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন পৰিষদৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতেই শুকুৰবাৰে মুখ খুলিলে অধ্যক্ষ দুলেন নায়কে (Deprived beneficiaries protest in Mariani) ৷