যোৰহাট, 6 ডিচেম্বৰ :"কেন্দ্ৰীয় চৰকাৰে কেতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি নিবিচাৰে(Central Government never wants peace in North-East) ৷ শান্তি নিবিচাৰে বাবেই নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত নিৰীহ লোকক নিজ দেশৰে সেনা বাহিনীৰ দ্বাৰা হত্যা কৰা হ'ল(Nagaland Civilians Deaths) ৷" সোমবাৰে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে উত্তৰ-পূৱ ছাত্ৰ সন্থা(North East Students Organisation)ৰ উপদেষ্টা তথা আছু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৷
NESOৰ উপদেষ্টা গৰাকীয়ে কয়, কেন্দ্ৰীয় চৰকাৰে এফালে উত্তৰ-পূৰ্বাঞ্চলৰ স্থায়ী শান্তিৰ কথা কয়, আনফালে খিলঞ্জীয়া লোকক হত্যা কৰাৰ ব্যৱস্থা কৰিছে ৷ দেশৰ নিৰাপত্তা বাহিনীয়ে দেশৰ জনসাধাৰণকে বৰ্বৰভাৱে হত্যা কৰিব, এই কথা উত্তৰ-পূৰ্বৰ ৰাইজে কেতিয়াও মানি নলয় ৷
কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA ৰ প্ৰসংগত স্থিতি স্পষ্ট কৰে NESOৰ উপদেষ্টা গৰাকীয়ে ৷ AFSPA ৰ প্ৰসংগত তেওঁ, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন "AFSPA" থকাৰ বাবেই আজি নিৰাপত্তা বাহিনীয়ে বৰ্বৰ ভাৱে নিৰাপৰাধী উত্তপ-পূৱৰ খিলঞ্জীয়া লোকক জঘন্যভাৱে হত্যা কৰিব পাৰিছে ৷ গতিকে অতি শীৰ্ঘেই এই AFSPA বাতিল কৰিবৰ বাবে দাবী জনাই সমুজ্জ্বল ভট্টাচাৰ্যই ৷
লগতে পঢ়ক:Section 144 Imposed in Nagaland : আজি সম্পন্ন হ’ব মৃতকৰ শেষকৃত্য
ইতিমধ্যে, নাগালেণ্ডৰ মন জিলাৰ অ'টিং গাঁৱত নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত বৰ্বৰ হত্যাকাণ্ডই উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উত্তৰ-পূৱৰ ৰাজ্যৰ কেইখনৰ প্ৰতিটো ছাত্ৰ সংগঠনৰ লগতে আন আন জনগোষ্ঠীয় সংগঠন সমূহেও এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে(Protest Against Nagaland Civilians Deaths) ৷ কেৱল সেয়াই নহয়, সামাজিক মাধ্যমতো এই ঘটনাৰ বিৰোধীতাৰে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিলক্ষিত হৈছে ৷
কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ যি সকল জোৱানে নাগালেণ্ডৰ খিলঞ্জীয়া লোকক বৰ্বৰভাৱে হত্যা কৰিলে সেই সকল জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই NESOৰ উপদেষ্টা গৰাকীয়ে ৷ তেওঁ কয়, উত্তৰ-পূৱৰ এখন ৰাজ্যৰ খিলঞ্জীয়া লোকক আক্ৰমণ কৰা মানেই উত্তৰ-পূৱৰ সমুদায় খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ৷ গতিকে, মন জিলাৰ হত্যাকাণ্ডৰ লগত জড়িত সেনা জোৱানৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা হ'বই লাগিব বুলি কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিছে সমুজ্জ্বল ভট্টাচাৰ্যই ৷